সৰল পৃথিৱীত জটিল আমিবোৰ…

বাধ্যতা মোৰ
বন্দিত্ব তোমাৰ
নৈতিক জীৱন যাপনৰ বাধ্যতা
সমাজৰ চকুত ভাল হোৱাৰ বন্দিত্ব
প্ৰমাণ দিবা কাক?
সময়বোৰ ৰৈ ৰৈ যায়,
অথবা সময়ে সময়ে ৰৈ যায় ভালপোৱাবোৰ,
গৈ গৈ খুন্দিয়াই ত্বৰান্বিত ঢৌ
আবেগৰ নিমাওঁমাওঁ উপত্যকা,
সঁচা বুলি প্ৰমাণিত তোমাৰ অভিনয়বোৰ আৰু
সৰল পৃথিৱীত, জটিল আমিবোৰ।
What’s your Reaction?
+1
0
+1
3
+1
0
+1
0
+1
0
+1
0
+1
0

COMMENTS

Wordpress (0)