ব্যৰ্থতা
প্ৰতিটো নিশাহ,
নিশাহ নহয়, হুমুনিয়াহ।
নিদ্ৰাহীন ৰাতিৰ ফুলি উঠা চকু
চিগাৰেটৰ কুণ্ডলীত উৰি যোৱা নাই ভাগৰবোৰ।
প্ৰেমৰ এচাটি অৱসাদ বতাহ,
আৰু একাপ কাঢ়া কফি।
পিছদিনা হালধীয়া উমবোৰ যেতিয়া সোমাই আহিছিল কোঠালীলৈ,
খালি কফিকাপ ৰ তলৰ গোল চিনটোত পৰুৱাই ধৰি কুটি আছিল তেতিয়া,
প্রত্যাসী জীৱনৰ অনাকাংক্ষীত অস্তীত্ব ।।